সফলতাৰ এক কাহিনী
অসমত সিঁচৰতি ভাবে থকা
থলুৱা ধানৰ জাতবোৰ পুনৰ আমাৰ মাজলৈ উলিয়াই অনাৰ উদেশ্যেৰে তিনিচুকীয়া জিলাত
‘আত্মা’ আঁচনিৰ জড়িয়তে এক প্রচেষ্টা কৰা
হৈছিল। বহুতৰে প্রিয় মাণিকীমধুৰি নামৰ থলুৱা
জহাবিধৰ বীজ ২০১৩ চনত নাহৰকটীয়া অঞ্চলৰপৰা সংগ্রহ কৰি অতি সফলভাবে এক প্রদর্শনমূলক
খেতি কৰা হয়। এই সফলতাৰ আঁত ধৰি ২০১৪ চনত জিলাখনত মাণিকীমধুৰিৰ মুঠ ৩৬ টা
প্রদর্শনমূলক খেতি কৰা হয়। এই প্রদর্শনিলানিৰ সফলতাৰ বিষয়ে চিত্রসহ এক প্রতিবেদন
আগবঢ়াইছে আঁচনিৰ লগত জড়িত বি.টি.এম, এ.টি.এম সকলে :-
এখেত মার্ঘেৰিটা উন্নয়ন খণ্ডৰ ভিতৰপাৱৈ গাঁৱৰ প্রগতিশীল কৃষক চাওপান চাওঁচং। এই প্রগতিশীল কৃষকজনক হিতাধিকাৰ হিচাপে লৈ ২০১৩ চনত এই প্রদর্শনমূলক খেতি কৰা হয় ।

এনে ফলাফল দেখি কৃষকসকল মাণিকীমধুৰীৰ প্রতি উৎসাহিত হৈ পৰে আৰু ইয়াৰ বীজ সংগ্রহ কৰিবলৈ ইচ্ছা প্রকাশ কৰে।
প্রতিবেদন: নয়ন সোনোৱাল, মৃদুল গোস্বামী, বিং কং বড়ো, গৌতম বড়া, ঈশাণী পৰাশৰ
এখেত মার্ঘেৰিটা উন্নয়ন খণ্ডৰ ভিতৰপাৱৈ গাঁৱৰ প্রগতিশীল কৃষক চাওপান চাওঁচং। এই প্রগতিশীল কৃষকজনক হিতাধিকাৰ হিচাপে লৈ ২০১৩ চনত এই প্রদর্শনমূলক খেতি কৰা হয় ।
প্রশিক্ষণ এটাৰ মাধ্যমেৰে আধুনিক কৃষিৰ কেতবোৰ দিশ
যেনে : সঠিকভাবে কঠিয়াতলী প্রস্তুত কৰা, বীজ সিঁচাৰ আগতে বীজ শোধন কৰা, সঠিক বয়সৰ
কঠিয়া শাৰি পাতি ৰোৱা আদিৰ বিষয়ে এখেতৰ লগতে আন কৃষকসকলক বুজাই দিয়া হয় ।
কৃষকজনে বিজ্ঞানীসকলৰ
দিহা-পৰামর্শ যথাযথ ভাবে পালন কৰি উৎসাহেৰে খেতিত আগবাঢ়ে।
সময় আগবঢ়াৰ লগে লগে শস্যৰক্ষাৰ নতুন কৌশলবোৰৰ লগতো কৃষকক
পৰিচয় কৰি দিয়া হয়।
মাণিকীমধুৰীৰ সঁজাল ধৰা গোছাবোৰত কাতিৰ শেহত গেঁৰ ধৰিবলৈ লয়। পৰম্পৰা ৰক্ষা কৰি কৃষকেও পথাৰত এগচি চাকি জ্বলাই।
বিষয়াসকলে পথাৰ ভ্রমণ কৰি সন্তোষ প্রকাশ কৰে আৰু “পথাৰ-দিৱস”
এটি অনুস্থিত কৰাৰ সিদ্ধান্ত লয়। জিলা বিষয়াসকলৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশত “পথাৰ-দিৱস”ৰ
দিনা লখিমী চপোৱা হয় য’ত পঞ্চায়তৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।
দেখা গ’ল যে মাণিকীমধুৰিৰ উৎপাদন প্রতি হেক্টৰত ৩৫ কুইণ্টল
হোৱাৰ বিপৰীতে আন থলুৱা গোন্ধযুক্ত ধানৰ উৎপাদন হৈছে প্রতি হেক্টৰত ২৫- ২৭ কুইণ্টল।
এনে ফলাফল দেখি কৃষকসকল মাণিকীমধুৰীৰ প্রতি উৎসাহিত হৈ পৰে আৰু ইয়াৰ বীজ সংগ্রহ কৰিবলৈ ইচ্ছা প্রকাশ কৰে।
পাছৰ বছৰত জিলাখনৰ ৩৬ জন কৃষকক লৈ মাণিকীমধুৰীৰ
প্রদর্শনমূলক খেতি কৰা হয় আৰু কৃষকৰ উৎপাদিত সামগ্রী “কৃষি মেলা”ত প্রদর্শন তথা
বিপণন কৰা হয়। এইদৰে কৃষকৰ সহযোগত এটা প্রদর্শনৰ সফল সামৰণি ঘটে। বর্তমান জিলাখনৰ
এক বুজন সংখ্যক কৃষকে মাণিকীমধুৰীৰ খেতি কৰি আছে আৰু প্রতি কিলোগ্রাম চাউলত ৫৫-৭০ টকালৈ
উপার্জন কৰিবলৈ সক্ষম হৈছে।
প্রতিবেদন: নয়ন সোনোৱাল, মৃদুল গোস্বামী, বিং কং বড়ো, গৌতম বড়া, ঈশাণী পৰাশৰ
_____________________________________________
No comments:
Post a Comment